== তোমাক নাপালে
! ==

................(কথা কবিতা, My first Poem in the text)
তোমাক নাপালে মোৰ কি হ'ব জানা ?
কেইদিনমান পিছত মোক তোমালোকৰ পদূলিমুখত দেখিবা ।
ফটা কম্বল এখন উৰি থাকিম,
লংপেন্ট পিন্ধিছো নে মেখেলা পিন্ধিছো ধৰিবই নোৱাৰিবা,
দেহৰ অবস্থাই নাই, হাড়ে-ছালে ওলাব ......
পেটত যেন বহুদিন খুদকণ এটিও পৰা নাই ।
মুখত এডাল যুগান্তৰ বিড়ি,
চেণ্ডেল এপাত হিন্দুস্তানী, এপাত পাকিস্তানী ।
দাড়ী চুলি দীঘল আৰু হালধীয়া ।
এনেকৈয়ে এদিন তোমাৰ কাষত থিয় দিম ।
তুমি দেখিয়ে ভয় খাবা,
দূৰৈৰ পৰা এ খেদিবা চাগে মোক,
"যা যা যা, ক'ৰ পৰা যে আহে এইবোৰ" ।
মই জানো .........
তুমি চাগে মোক চিনিয়ে নাপাবা,
নহ ! ..........
.................By Pranjal Deka/ June, 2016 (pranjaldeka299@gmail.com)
It is my first poem in the text.....

No comments:
Post a Comment
Please Give me your comment here