= তোমালৈ চিঠি =

মৰম ল'বা, আশা কৰিছো ভালে আছা ।
স্বাস্থ্য কেনে ? নে আগতকৈ শকত হৈছা ?
মা-দেউতাক মোৰ শ্ৰদ্ধা জনাবা দেই ।
মাজনীৰ পঢ়া-শুনা কেনে চলি আছে ?
জানা, তোমালৈ বহু-মনত পৰি আছে ।
ভাত খাইছো যদিও গাত লগা নাই,
তোমাৰে ছবিখনি মনলৈ আহি আছে ।
দূৰণিত আছো, কেতিয়া যে লগ পাম !
হুমুনিয়াহ কাঢ়ি কাঢ়ি ভাগৰি গ'লো,
তোমালৈ আজি শাৰী দুখনো ৰাখি থ'লো ।
বেছিকৈ চিন্তা নকৰিবা, বিহুত যাম ।
মোলৈ বিহুৱান এখনি ৰাখিবা দেই ।
হ'ব দিয়া ; আজি ইমানতে সামৰিম,
উত্তৰ নিদিলেও হ'ব, মই যামেই ।
............. hi, It's a Sonet poem where have
only fourteen lines and every single line has
only fourteen characters. No increase, No decrease.
And it must be includes one of the whole
story within that fourteen lines.
....... And It is written by me (Pranjal Deka).
on 5th April, 2016 (It was My first Sonet Poem)
pranjaldeka299@gmail.com
No comments:
Post a Comment
Please Give me your comment here