Happy Valentine's
মিঠা লগা এই কোমল পূৱাটিত
এটি শোৱৰণে মোক জগাই দিলে,
মই যেন পাহৰিছিলোয়েই।
দুচকুৰ কল্পনাত বাৰে বাৰে দেখিছো
মাথো এখনি ছবি।
কিমান যে আশা আছিল,
কিমান যে অপেক্ষা আছিল
আজিৰ এই দিনটোলৈ!
নীলাকৈ সাগৰৰ ঢৌৰ দৰে,
বাৰে বাৰে মনলৈ আহিছে
অতিতৰ স্মৃতিবোৰ।
মোৰ মনৰ আকাশ আজি ডাৱৰীয়া
কলাকৈ মেঘেৰে আৱৰা,
তাৰেই আৱেগতে
ভেলেণ্টাইন ডে’ৰ শুভকামনাৰে
মোৰ এই কবিতা
অৰ্থ নোহোৱা........
আধৰুৱা।.......
Happy Valentine’s day to you
my heart.
I know you won’t be mine,
Though,
I Love You as you can’t think.
…………….. by: Pranjal Deka (pranjaldeka299@gmail.com) at 14 feb, 2017
== ভুল কৰিলো
==
ভুল কৰিলো তোমাক ভাল পাই,
কি পালো তোমাক ভাল পাই ?
কেইটিমান মিঠা মিঠা হাঁহি আৰু প্ৰতাৰনা ।
.
ভুল কৰিলো তোমাৰ কথা ভাবি,
কি পালো তোমাৰ কথা ভাবি ?
হৃদয়ত আঘাত আৰু এটি অৰ্থহীন সাথৰ ।
.
ভুল কৰিলো তোমাক লৈ সপোন দেখি,
কি পালো তাৰ বিনিময়ত
এটি দুখ ভৰা দিথক আৰু কিছু নিৰাশা ।
.............by
Pranjal Deka (pranjaldeka299@gmail.com)
At 2016
== স্বাভিমান তোমাৰ
==
তোমাৰ স্বাভিমানক আৰু কষ্ট নিদিওঁ,
যোৱা তোমাক স্বাধীনতা দিলো,
নিজ পথে যোৱা, কুশলে থাকিবা ....
নালাগে আজিৰ পৰা মোক দেখি লুকাবলৈ ...
নালাগে আজিৰ পৰা,
মোলৈ চাই মিছলীয়া হাঁহি মাৰিবলৈ ।
নালাগে আজিৰ পৰা মোৰ কথা ভাবিবলৈ,
মইয়ো যত্ল কৰিম,
বাধা দিবলৈ,
মোৰ স্বাভিমানক,
হইতো নোৱাৰিম,
কিন্তু,
অভিনয় কৰিম !
.............................by PRANJAL DEKA
(pranjaldeka299@gmail.com) at 2016
= প্ৰেয়সী তুমি
(Sonet No: 2) =
প্ৰেয়সী তুমি মোৰ সেন্দুৰীয়া সপোন,
জীৱনে মৰনে মোৰ তুমিয়ে আপোন ।
নাভাবো নিজকে আজি অকলশৰীয়া,
পাগল প্ৰেমী তোমাৰ ময়ে যুগমীয়া ।
লগ পাইছো এদিন নিশাৰ পৰত,
আশাৰে তৃপ্ত হোৱা সন্ধিয়াৰ ক্ষণত ।
বুজিলো ভাল পোৱা, তোমাৰ পৰশত ।
তুমিয়ে মোৰ জীৱন বাটৰ প্ৰেৰণা
দুখৰ সাগৰত সুখৰ জিলিঙনি ।
তুমিয়ে মোৰ মন সৰগৰ মেনকা,
হৈ আছা যেন সপোন প্ৰদেশৰ ৰাণী ।
জীৱনে মৰনে তুমিয়ে মোৰ লগৰী
সাজি ঘৰ এখনি ৰচিম ইতিহাস
থাকিম দুয়ো প্ৰেমৰ বনত বাগৰি ।
….............By
Pranjal Deka, 26th May, 2016
(pranjaldeka299@gmail.com) This is my 2nd Sonet poem.
== প্ৰেমানিবেদন ==
আজি বহু দিনৰ অন্তত
বুকুত একাজলি সাহসলৈ ওলালো,
থিৰাঙ কৰিছো...
আজি নোকোৱাকৈ নেৰো ।
.
ভয়ে আৱৰিছে দেখোন,
তুমি বা কি কোৱা !
বুজিবানে মোৰ ব্যথা ?
নে ভাৱিবা মিছলীয়া !
.
দেখিলো তোমাক স্কুলীয়া সাঁজত
বাঃ ... কি মজা !
বগাকৈ মেখেলা চাদৰত
নীলা নীলা পাৰি,
ডাঠকৈ সেউজীয়া চোলাটিৰে
আছিলা তুমি ।
.
জোনটিৰ দৰে জিলিকি আছিল
তোমাৰ দেহাটি,
গুলপীয়াকৈ দুটি ওঠত দেখিছিলো
কি যে কোমল কোমল হাঁহি ।
.
সৰগৰ মেনকাক কিয় লাগিছে,
মৰতৰ ৰাণী তুমি,
হ'বই লাগিব তুমিয়ে মোৰ
সপোনৰ ৰাজকুমাৰী ।
.
তোমাক দেখি জাগি উঠিল
বুকুত প্ৰেমৰ জোৱাৰ,
ওচৰ চাপিলো
বুকুত অশেষ সাহস গোটাই
কি কৰো, কেনেকৈ কঁও ?
অভ্যাসে নাই যে
প্ৰেমত পৰাৰ ।
.
থৌকি বাথৌ মনৰ ভাৱনা
বুকুত প্ৰেমৰ জ্বালামুখীৰ
অধৰ্য্য অৱস্থা,
চকুলোত বান আহিব,
জীৱন অৰ্থহীন হ'ব,
তুমি যদি আনৰ হোৱা
হৃদয়ে মোৰ কান্দি ৰ'ব ।
.
আজি তোমাক কাষতে দেখিছো
হেৰুৱাব নোখোজো,
আজি ক'ম ক'ম ক'মেই
নকৰো পলম
ভয় লাগে
যদি তুমি আনৰ হোৱা !
.
পিছে কাষতে পাই আজি
কিনো হ'ল নাজানো,
দেহাটি কপিব ধৰিছে !
সাহসবোৰ কি হ'ল ?
ম'মৰ দৰে গলি গ'ল,
.
আহিল ধোমোহা
বিনা নিমন্ত্ৰণে,
মেঘো গাজি উঠিল
বিজুলি অবিহনে ।
.
কি অনুভৱ কৰিছো
নিজে নাজানো !
কেনেকৈ কঁও?
যেন মই ভাষাই পাহৰিছো ।
.
দেহত যেন,
পৃথিৱীৰ সকলো বেমাৰ ।
মনত চিন্তাৰ জোৱাৰ,
আহঃ মৰিমেই নেকি ?
.
কপালেৰে দেখোন ঘাম ব'ব ধৰিছে
ক'ত কি ডাঙৰ কাম কৰিলো ?
হৃদয়ত যেন ৰে'ল চলিছে
কি হৈছে একো নুবুজিলো ।
.
তোমাক কাষলে মাতি
ভূলেই কৰিলো নেকি ?
আজি চাগে নোৱাৰিম ক'ব
সপোনবোৰ এনেকৈয়ে ৰ'ব ।
.
জ্বৰে-বিষে উঠিছে গা,
নাই দেই মোৰ ইমান সাঁহ ।
বুজিলে বুজিবা মনৰে কথাটি
নোকোৱাৰ আগত,
নুবুজিলেও নাই
আজিয়ে মৰিম গৈ পৰি
বাৰীৰ পিছৰ খালত ।
.
বুকুত প্ৰেমৰ জুইয়ে
পাৰ ভাঙিব ধৰিছে,
নক'ম !
মনে নামানিব,
ক'ম !
সাহসে নিমিলিব ।
.
তথাপিও কৈছো শুনা,
মোৰ জীৱনৰ সমূহ প্ৰয়োজনৰ
তুমিও অন্যতম,
সকলোবোৰ নাই,
সকলোবোৰ পোৱাও নাই
তথাপিও নাটনি নাথাকিব
যদি তুমি মোৰ হোৱা ।
.
কবিতাৰ সুধাৰে বুজাব নোৱাৰো,
গীতৰ সুৰেৰেও ক'ব নোৱাৰো,
আজি মোৰেই ভাষাৰে কওঁ শুনা,
হইতো ভালপাঁও চাগে তোমাক
সেয়ে আজি উধাতু খাই আহিছো
ভয়ে ভয়ে মনৰ কথাটি কৈছো
.
তোমাৰ সুখত সুখি হ'ম,
দুখত দুখি হ'ম !
তাৰেই প্ৰতিশ্ৰুতিৰে
এয়া মোৰ প্ৰেমানিবেদন
তোমালৈ !
এপাহি গুলাপেৰে । .....
...... by Pranjal Deka (pranjaldeka299@gmail.com)
(March 23th, 2016)